College Song

Our College Song

মহাবিদ্যালয় সংগীত


পোহৰ পোহৰ জ্ঞানৰ পোহৰ


সঁচা সমল হওক এই জীৱনৰ


নানাজনে উলাহেৰে


জীৱন গঢ়াৰ বাবে


ইয়াতেই পাতে মেলা সুন্দৰৰ /


জীৱন জাৰণিখিনি


কুসুম কানন কৰি


গঢ়াৰ বাবে এটি পৰিবেশ


জ্ঞান বিনিময় হয়


গুৰু আৰু শিষ্যৰ


মধুৰ সম্পক যদি থাকে অনিমেষ


অগ্ৰজ বহজনে ইয়াতেই গঢ়ি দিলে


পৰিবেশ এটি জ্ঞান-বিজ্ঞানৰ /


পাৰ হোৱা দিন আৰু


আজিৰ সময়ে


পথৰ দিয়েহি সন্ধান


তাতেই প্ৰেৰণা পাই


আমি যাওঁ অগুৱাই


বিৰাম বিহীন অভিযান


আজি আৰতিৰ


এই সময়ত এই আমাৰজ্ঞান মন্দিৰত


দেখা পাওঁ পথ পোহৰৰ


গীতৰ কথা : শ্রীঅজিত কুমাৰ বৰদলৈ


সুৰ : শ্রীমিহিৰ বেজবৰুৱা